মুম্বাই, ২০ জুন (হি.স.)। ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ সভাপতি শাৰদ পাৱাৰে শুকুৰবাৰে পুনেত কয় যে হিন্দীক ঘৃণা কৰাটো হিতকাৰী নহয়। গতিকে পিতৃ-মাতৃয়ে সন্তানক হিন্দী শিকাব লাগে।
আজি পুনেত সাংবাদিকৰ আগত শাৰদ পাৱাৰে কয় যে হিন্দী বলপূৰ্বকভাৱে শিকোৱা উচিত নহয়। হিন্দীক ঘৃণা কৰাটো ছাত্ৰ-ছাত্ৰীৰ সপক্ষে নহয়। এই বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে সিদ্ধান্ত লোৱা উচিত। পিতৃ-মাতৃৰ নিৰ্দেশনা অনুসৰি সিদ্ধান্ত ল’ব পাৰে। কোনোবাই আহি শিকিব বিচাৰিলে তেওঁক নাকচ কৰাৰ কোনো কাৰণ নাই। এই বিষয়টোক আওকাণ কৰিব নোৱাৰি। তেওঁ আৰু কয় যে দেশৰ ৫৫ৰ পৰা ৬০ শতাংশ লোকে হিন্দী ভাষা কয়। সমন্বয় বজাই ৰাখিবলৈ এই ভাষাক ঘৃণা কৰাটো সঠিক নহয়, কিন্তু জোৰকৈ জাপি দিয়াটোও উচিত নহয়।
স্থানীয় সংস্থা, জিলা পৰিষদ পঞ্চায়ত সমিতিৰ নিৰ্বাচন সন্দৰ্ভত কথা পাতি শৰদ পাৱাৰে কয় যে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি এতিয়া তিনি মাহৰ ভিতৰত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ’ব। কংগ্ৰেছ, শিৱসেনা, ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি আৰু কিষাণ মজদুৰ পাৰ্টি একেলগে বহিব। আমি এই বিষয়ে আলোচনা কৰিম আৰু চিন্তা কৰিম যে আমি একেলগে নিৰ্বাচনৰ সন্মুখীন হ’ব পাৰো নেকি? তাৰ পিছত আমি যৌথ সিদ্ধান্ত লম। আমাৰ মাজত মুম্বাইত আটাইতকৈ শক্তি আছে উদ্ধৱ থাকৰেৰ। তাত তেওঁৰ কথা বিবেচনা কৰিব লাগিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
