কামৰূপ, ২৬ জানুৱাৰী : ৰঙিয়াত গণৰাজ্য দিৱস উপলক্ষে উৰিল ৩৫ ফুট দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় পতাকা। ৰঙিয়াৰ সাৰথি শান্তি নিবাস আৰু হাইৱে চক ব্যৱসায়ী সন্থাৰ উদ্যোগত উত্তোলন কৰা হয় বিশাল আকৃতিৰ ৰাষ্ট্ৰীয় পতাকা।
আজি পুৱা ৭.৩০ বজাত গণৰাজ্য দিৱস উপলক্ষে হাইৱে চকত এক অনুষ্ঠানৰো আয়োজন কৰা হয়। ৰঙিয়া হাইৱেচকত ৭৫ ফুট দৈৰ্ঘ্যৰ এই পতাকাখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
