
গোৱালপাৰা, ১৮ নৱেম্বৰ (হি.স.): গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ লৈছে হাতী-মানুহৰ সংঘাতে । জিলাখনৰ মেজেংপাৰাত যোৱা কালি সোমবাৰে সন্ধিয়া জংঘলৰ পৰা বনৰীয়া হাতীৰ জাক এটা ওলাই অহাত শতাধিক ৰাইজে বাধা দিবলৈ চেষ্টা কৰে যদিও বনৰীয়া হাতীৰ জাকটোৱে এনেদৰে খেদি যায় মানুহকে । পিছত সন্ধিয়াৰ আন্ধাৰ নামি অহাৰ লগে লগে বনৰীয়া হাতীৰ জাকটো শালিধানৰ পথাৰত নামি এফালৰপৰা তহিলং কৰে খেতি পথাৰ।
বনৰীয়া হাতীৰ এনে সন্ত্ৰাসত আতংকিত হৈ পৰে অঞ্চলবাসী। ইপিনে বন বিভাগৰ লোকে হাতীৰ জাকটো খেদি পঠিয়াবলৈ চেষ্টা কৰিও বিফল হয়। বনৰীয়া হাতীয়ে নিশা মেজেংপাৰাৰ উপৰিও পশ্চিম মাটিয়া, কাৰিপাৰা, বগুৱান, ৰাজাপাৰা আদি অঞ্চলতো উপদ্ৰৱ চলায়। কালি গোটেই নিশা শালিধান খাই আজি পুৱতি নিশা পুনৰ ওচৰৰ জংঘললৈ যায় হাতীৰ জাকটো।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
