নগাঁও, ২৭ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ ৰূপাহীহাটৰ নাঙলদুৱাত বৃহস্পতিবাৰে নিশা গুলি চালনাৰ ঘটনা সংঘটিত হয় । দুৰ্বৃত্তৰ দলে গুলিয়াই আঘাতপ্ৰাপ্ত কৰে ইমদাদুল ইছলাম নামৰ এজন লোকক। ৮জনীয়া দুৰ্বৃত্তৰ দলে মটৰ চাইকেলেৰে গৈ থকা সময়ত গুলিয়াই ইমদাদুল ইছলাম নামৰ লোকজনক। দুৰ্বৃত্তৰ দলটোৱে তিনি জাই গুলি কৰে যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও এটা গুলি হাতত লাগি আঘাত প্ৰাপ্ত হয়।
পশ্চিম শিঙিমাৰীৰ আব্দুল জলিল নামৰ লোকজনৰ সৈতে পিষ্টলধাৰি দুৰ্বৃত্তৰ দলটো আছিল বুলি অভিযোগ গুলি বৃদ্ধ ইমদাদুলৰ। গুলিবৃদ্ধ ইমদাদুলক শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা। ঘটনা স্থলীত ৰূপাহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। নিশা ৰূপাহীহাটৰ নাঙলদুৱাত গুলি চালনাৰ ঘটনা সংঘটিত হোৱা ঘটনাস্থলীত উপস্থিত নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়া, নগাঁও অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাস্থলীত পৰ্যবেক্ষণ কৰে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে খালি কাট্ৰিচ অৱশ্যে বৰ্তমানলৈকে আটক কৰিব পৰা নাই কোনো দুৰ্বৃত্তক।স্থানীয় ৰাইজেও শুনা পাইছিল গুলিয়া গুলিৰ শব্দ শুনা পাইছিল যদিও ৰাইজে ভাবিছিল ফটকাৰ শব্দ বুলি। পৰৱৰ্তী সময়ত আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰে গুলি কাৰ্য সংঘটিত কৰা গুলিত ব্যৱহিত এটা খালি কাৰ্টিজ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
