চিৰাং, ২০ অক্টোবৰ (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাৰ বিজনীৰ পানবাৰী কালী মন্দিৰতো আজিৰে পৰা ৯ দিনিয়াকৈ কালী পূজা আৰু মেলা আৰম্ভ।বিজনীৰ পানবাৰী কালী মন্দিৰত কালী পূজা আৰু মেলা বিগত বৰ্ষৰ দৰে এইবেলিও ৯ দিনিয়াকৈ অনুষ্ঠিত হব। আজিৰে পৰা ২৮ অক্টোবৰ লৈকে মুঠ ৯ দিনীয়াকৈ কালী পূজা আৰু মেলা উদযাপন কৰা হব।
উল্লেখ্য যে এইবেলী পানবাৰীৰ কালী পূজায় ৮৬ সংখ্যক বৰ্ষত ভৰি দিলে বুলি পূজা পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। পানবাৰী কালী মন্দিৰত কালী পূজা আৰু মেলা খনক লৈ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। বিজনীৰ পানবাৰীৰ এই মেলাখনত এইবেলি চাৰ্কাছ, অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ,বানিজ্য মেলা উপৰিও বস্ত্ৰ মেলাকে আদি কৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান অংশগ্ৰহণ কৰিছে বুলি জনায় পূজা পৰিচালনা সমিতিয়ে। ইফালে কালী মন্দিৰৰ প্ৰাঙ্গনত প্ৰতিদিনেই আই নাম আৰু খাৰাতাল উপভোগৰ সুবিধা পাব ৰাইজে।লগতে ভক্ত সকলে যাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে তাৰ বাবে পূজা পৰিচালনা সমিতিয়ে মন্দিৰৰ কাষতেই জুবিন গাৰ্গৰ প্ৰতিচ্ছবি স্থাপন কৰা পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
