ধুবুৰী, ২৭ ছেপ্টেম্বৰ (হি.স.)। ধুবুৰী জিলাৰ চাপৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সদ্য প্ৰয়াত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি শুকুৰবাৰে সন্ধিয়া মম শিখা সমদল বাহিৰ কৰা হয়। চাপৰৰ গান্ধী ময়দানৰ পৰা চাপৰ বজাৰলৈ উলিয়ায় এই সমদল।
কেইবা শতাধিক লোকে হাতে হাতে মমবাতি লৈ শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰক, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰক, ছিংগাপুৰত যোৱা প্ৰতি গৰাকী লোকক তদন্তৰ আওতাত আনক, আমি ন্য়ায় বিচাৰো, উই ৱান্ট জাষ্টিচ (WE WANT JUSTICE) আদি বিভিন্ন শ্লোগানেৰে চাপৰৰ আকাশ বতাহ কঁপাই তুলে। অসমৰ সম্পদ অসমৰ হীৰা জুবিন গাৰ্গক। তাৰ পিছত জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত অহাটো দুৰ্ভাগ্যজনক অসম চৰকাৰক লজ্জা কৰা উচিত। অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি চকা সমালোচনা কৰে আছুয়ে। জুবিন গাৰ্গৰ মৃত্যুক লৈ হেতালি খেলা বন্ধ কৰক অন্যথা অসম চৰকাৰে ৮৫ চনৰ আন্দোলন দেখিবলৈ পাব বুলি চৰকাৰক ভাবুকি প্ৰদান কৰে আছুয়ে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
