
ধুবুৰী, ২৯ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ বৰ চৰাইখোলাত যোৱাকালি বৃহস্পতিবাৰে বিয়লি ভয়ংকৰ ভুমিকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হয। যাঠি জোং ডেগাৰেৰে দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট লাগে। এডোখৰ খাচ মাটি দখল বেদখলক লৈ সৃষ্টি হয় মাৰপিটৰ ঘটনা। এই মাৰপিটৰ ঘটনাত দুয়ো ফৈদৰ কেইবাজনৰো অৱস্থা সংকটজনক হৈ পৰে। কাৰোবাৰ ছিঙিল কান, কাৰোবাৰ কাটিল হাত। মুৰ ফালিল কেৱাজনৰো।
ঘটনাটো সংঘটিত হয় গোলকগঞ্জৰ বৰ চৰাইখোলা গাঁৱত। গাঁও খনৰ ১৩১০ নং দাগৰ মাটি ডোৰাৰ আলিক কেন্দ্ৰ কৰি দুই পক্ষৰ কাজিয়া। এজনে আনজনৰ ওপৰত অভিযোগ। কঠিয়া ৰুৱলৈ গৈ দুয়ো দলৰ মাজত সৃষ্টি হয় সংঘাত। দুয়ো পক্ষই লিপ্ত হয় যাঠি জোং ডেগাৰেৰে আক্ৰমণ প্ৰত্যাক্ৰমণত। ফলত আঘাত প্ৰাপ্ত হয় দুয়ো দলৰ কেৱাজনো। আটাই কেইগৰাকীক গোলকগঞ্জ স্বাস্থ্য কেন্দ্ৰৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হৈছে। দুয়ো পক্ষই পৃথকে পৃথকে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
