নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই পুনৰবাৰ নিজৰ ধাৰাবাহিকতা প্ৰমাণ কৰিলে। বৃহস্পতিবাৰে জুৰিখত অনুষ্ঠিত হোৱা ডাইমণ্ড লীগ ফাইনেল ২০২৫ত ৮৫.০১ মিটাৰ বেষ্ট থ্ৰ’ৰে দ্বিতীয় স্থান দখল কৰে। এইদৰে ২০২১ চনৰ পৰা খেলা প্ৰতিটো ইভেণ্টতে শীৰ্ষ ২ স্থানত অন্ত পৰাৰ ধাৰা অক্ষুণ্ণ ৰাখিছে নীৰজে।
জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৯১.৫১ মিটাৰ বেষ্ট থ্ৰ’ৰে খিতাপ দখল কৰে। নীৰজে একেৰাহে ২৬ সংখ্যক প্ৰতিযোগিতাত প্ৰথম বা দ্বিতীয় স্থান দখল কৰিছে। ২০২১ চনৰ জুন মাহত ফিনলেণ্ডত অনুষ্ঠিত হোৱা কুৰ্টনে ক্লাছিকৰ পিছত এই ছিৰিজ চলি আহিছে, য’ত তেওঁ তৃতীয় স্থান লাভ কৰিছিল।
নীৰজ চোপ্ৰাৰ শীৰ্ষ ২ কৃতিত্ব (২০২১-২০২৫)
২০২৫ চনত
জুৰিখ ডাইমণ্ড লীগ (ছুইজাৰলেণ্ড) – ২য় স্থান
নীৰজ চোপ্ৰা ক্লাছিক, বেংগালুৰু (ভাৰত) – ১ম স্থান
অষ্ট্ৰাভা ডি এল (চেক গণৰাজ্য) – ১ম স্থান
পেৰিছ ডি এল (ফ্ৰান্স) – ১ম স্থান
জানুছ কুছ’চিনস্কি মেম’ৰিয়েল, চ’ৰজ’ (পোলেণ্ড) – ২য় স্থান
দোহা ডি এল (কাটাৰ) – ২য় স্থান
পটচ আমন্ত্ৰণমূলক মিট, পটচেফষ্ট্ৰুম (দক্ষিণ আফ্ৰিকা) – ১ম স্থান
২০২৪ চনত
ব্ৰাছেলছ ডি এল (বেলজিয়াম) – ২য় স্থান
ল’জান ডি এল (ছুইজাৰলেণ্ড) – ২য় স্থান
পেৰিছ অলিম্পিক (ক্বালিফায়াৰ) – ১ম স্থান
পেৰিছ অলিম্পিক (ফাইনেল) – ২য় স্থান
পাভো নুৰমি গেমছ (ফিনলেণ্ড) – ১ম স্থান
ফেড কাপ, ভুৱনেশ্বৰ (ভাৰত) – ১ম স্থান
দোহা ডি এল (কাটাৰ) – ২য় স্থান
২০২৩ চনত
এছিয়ান গেমছ, হাংঝৌ (চীন) – ১ম স্থান
প্ৰিফণ্টেইন ক্লাছিক (আমেৰিকা) – ২য় স্থান
জুৰিখ ডি এল (ছুইজাৰলেণ্ড) – ২য় স্থান
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ (কোৱালিফায়াৰ), বুডাপেষ্ট (হাংগেৰী) – ১ম স্থান
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ (ফাইনেল), বুডাপেষ্ট (হাংগেৰী) – ১ম স্থান
ল’জান ডি এল (ছুইজাৰলেণ্ড) – ১ম স্থান
দোহা ডি এল (কাটাৰ) – ১ম স্থান
২০২২ চনত
জুৰিখ ক্লাছিক (ছুইজাৰলেণ্ড) – ১ম স্থান
ল’জান ডি এল (ছুইজাৰলেণ্ড) – ১ম স্থান
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ (কোৱালিফায়াৰ), অৰেগন (আমেৰিকা) – ১ম স্থান
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ (ফাইনেল), অৰেগন (আমেৰিকা) – ২য় স্থান
ষ্টকহোম ডি এল (ছুইডেন) – ২য় স্থান
কুৰ্টানে গেমছ (ফিনলেণ্ড) – ১ম স্থান
পাভো নুৰমি গেমছ (ফিনলেণ্ড) – ২য় স্থান
২০২১ চনত
টকিঅ’ অলিম্পিক (কোৱালিফায়াৰ) – ১ম স্থান
টকিঅ’ অলিম্পিক (ফাইনেল) – ১ম স্থান
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
