হোজাই গৃহমন্ত্ৰী অমিত শ্বাহৰ হোজাইত নিৰ্বাচনী প্ৰচাৰৰ বাবে ভ্ৰমণ পুনৰ বাতিল কৰা হৈছে। কাৰ্যসূচী মতে আজি অহাৰ কথা আছিল যদিও বাতিল হৈ পৰৱৰ্তী ৭এপ্ৰিল তাৰিখে অহাৰ কথা আছিল, কিন্তু আজি পুনৰ বাতিল হল গৃহমন্ত্ৰী গৰাকীৰ হোজাই ভ্ৰমণ কাৰ্য্যসূচী।
ইয়াৰ পূৰ্বেও অমিত শ্বাহ অহাক লৈ ব্যাপক প্ৰস্তুতি চলিছিল হোজাই শংকৰদেৱ নগৰত । এইবাৰো সেই একে প্ৰস্তুতি তুংগত হৈ উঠিছিল যদিও বিশেষ কাৰণত বাতিল হল অমিত শ্বাহৰ হোজাই ভ্ৰমণ। উল্লেখযোগ্য যে গৃহমন্ত্ৰী অমিত শ্বাহ হোজাইলৈ নাহিলেও বিজেপিৰ জয় নিশ্চিত বুলি সংবাদ মাধ্যমৰ সন্মুখত কালি সন্ধিয়া মন্তব্য কৰে কাজিৰঙা সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই।
