ধুবুৰী, ০১ জুলাই (হি.স.): ধুবুৰীত যোৱাকালি সোমবাৰে সন্ধিয়া উপস্থিত হয় অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈ জিলাৰ বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হয় ।
পিছত সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত মন্ত্ৰী গৰাকীয়ে জনায় যে – ধুবুৰীত বিভিন্ন আঁচনিৰ বাচনি হোৱা তালিকা সমূহ চুড়ান্ত কৰে, গাখীৰ উৎপাদনৰ ক্ষেত্ৰতো অসম স্বাৱলম্বী হ’ব নোৱাৰাৰ কথাও ব্যাখ্যা কৰে, সৰিয়হৰ তেলৰ ক্ষেত্ৰতো অসমে ৪০% সৰিয়হৰ তেল বেলেগ ৰাজ্যৰ পৰা আনিব লাগে । কোল্ড ষ্টোৰেজৰকলৈ মন্ত্ৰী গৰাকীয়ে কয় যে বিদ্যুৎ পৰ্যাপ্ত মানে থাকিলেহে কোল্ড ষ্টোৰেজ সম্ভৱ হ’ব ।
গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়ত বটল দলিওয়াকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে, যি সকল কংগ্ৰেছীয়ে এই কাম কৰিছে তেওঁ লোকক চিনাক্ত কৰি শাস্তি দিব লাগে বুলি জনায় । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাণ্ডকলৈও মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জনায় যে জনপ্ৰতিনিধি আৰু সাংবাদিকৰ সৈতে সংঘাট হোৱাটো বেয়া কথা । ইয়াৰ পিছত মন্ত্ৰী গৰাকীয়ে ধুবুৰী জিলা বিজেপি কাৰ্যালয়ত বিজেপি কাৰ্যকৰ্তাৰ সৈতে এখন সভাত মিলিত হয় ।
উল্লেখ্য যে, পহিলা জুলাইত ধুবুৰী জিলা দিৱস, এই দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
