নগাঁও, ২৪ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰ স্বাস্থ্য কেন্দ্ৰ (এফআৰইউ)ত এক্সৰে মেচিনৰ অভাৱত হাৰা শাস্তিৰ সন্মুখীন হৈ আহিছে ৰোগীসকল। লগতে বাহিৰত পৰীক্ষা কৰাৰ বিনিময়ত ষ্টেটৰ পৰা অধিক ধন খৰচ কৰিব লগা হৈছে।
উল্লেখ্য যে বিগত কিছুদিন ধৰি এক্সৰে মেচিনটো বেয়া হৈ থকাৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ দুখীয়া ৰাইজ সকল। দূৰ-দূৰণিৰ পৰা চিকিৎসালয়লৈ এক্সৰে কৰিবলৈ আহি ঘৰলৈ ঘূৰি যাব লগা হৈছে ৰোগী তথা আত্মীয়সকলে। দৰিদ্ৰ ৰোগী সকলে চৰকাৰক শীঘ্ৰে এক্সৰে মেচিনটো ভাল কৰি দি ৰাইজক উপকৃত কৰিবলৈ দাবী জনাইছে।
উল্লেখযোগ্য যে সঘনে কামপুৰ এফআৰইউৰ এক্সৰে মেচিনটো দীৰ্ঘ দিন ধৰি বিকল হৈ থকাৰ পাছতো ভাল কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
