ডিব্ৰুগড়, ০৯ জানুৱাৰী (হি.স.)। ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ তিতাডিমৰু পূবেৰুণ প্ৰাথমিক বিদ্যালয়ৰ এক পয়ালগা দৃশ্য। ২০২৩ চনৰ এপ্ৰিল মাহতে অহা কাল ধুমুহাই বিধ্বস্ত কৰি গৈছিল ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানৰ লগতে তিতাডিমৰু পূবেৰুণ প্ৰাথমিক বিদ্যালয়ৰ স্কুল ঘৰটো, আৰু তেতিয়াই বিদ্যালয় খনৰ ক্ষতিসাধন কৰে প্ৰবল ধুমুহাই।এই ক্ষেত্রত শিক্ষক সকলে বাৰম্বাৰ সৰ্ব শিক্ষাৰ বৰমূৰীয়া সকলক মৌখিক ভাবে জনোৱাৰ লগতে লিখিত অভিযোগো দিয়ে। কিন্ত সেয়া গৰুৰ আগত টোকাৰী বজোৱাৰ লেখিয়া ।
ফলস্বৰূপে আজিলৈকে কোনো বিহিত ব্যৱস্থা নকৰাত অংগনৱাড়ী শিক্ষয়িত্ৰী সকলে নিৰুপাই হৈ ভঙা প্ৰজাতে ওলমি থকা টিঙৰ তলৰ পকিমজিয়াত পাতল ত্ৰিপাল পাৰি ঠাণ্ডাত বহি কণ কণ ছাত্ৰ ছাত্ৰীয়ে পাঠদান কৰে। মামা আপোনাৰ ভাগিন-ভাগিনী সকলৰ স্কুলৰ অৱস্থা চাওক,আপুনি কিতাপ দিয়ে,ইউনিফৰ্ম দিয়ে,খাদ্য দিয়ে কিন্তু কণ কণ ল”ৰা ছোৱালীয়ে পঢ়া স্কুলখন মেৰামতি নকৰাত ক্ষোভ প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীয়ে সভাই সমিতিয়ে গ্ৰামাঞ্চলৰ শিক্ষা ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা নকৰিবলৈ কৈ ফুৰে । কিন্তু চহৰৰ গাতে লাগি থকা ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত মোহনবাৰী তিতাডিমৰু গাওঁখনত থকা এখন অংগনৱাড়ী স্কুলখনৰ দুৰাৱস্থা কিয় এনেকৈ পুতৌলগা হৈছে সেয়া অনুসন্ধান কৰিলেহে জোলোঙাৰ মেকুৰী ওলাই পৰিব বুলি সচেতন ৰাইজে ভাৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
