বাক্সা, ১৯ নৱেম্বৰ (হি.স.)। বহিঃ ৰাজ্যত নিখোজ বাক্সাৰ অদলা বিটপাৰৰ এজন লোক।্ দৰিদ্ৰতাই গ্ৰাস কৰা বাক্সাৰ বাগানাপাৰা আৰক্ষী চকীৰ অন্তৰ্গত অদলা বিটপাৰ গাওৰ মণি মুণ্ডা নামৰ ৪০ বছৰীয়া লোক জনে যোৱা শুকুৰ বাৰে কৰ্ণাটকলৈ বুলি ৰেলেৰে যোৱাৰ পথত আদবাটৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পৰিয়ালটোক পোহ পাল দিয়াৰ উদ্দেশ্যে কামৰ সন্ধানত যোৱা মণি মুণ্ডা আদবাটৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। পৰিয়াল সুত্ৰে জানিব পৰা মতে বিকাশ দাস নামৰ ঠিকাদাৰ জনে কামৰ বাবে এটি বৃহত লোকৰ দল লৈ ৰেলেৰে কৰ্ণাটকলৈ নিয়াৰ পিছত তাৰে এজন মণি মুণ্ডা কেনেদৰে নিৰুদ্দেশ হবলৈ পালে তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে। ৰেলেৰে যোৱাৰ পিছটো শুক্ৰবাৰে নিশা পত্নীৰ সৈতে কথা পাতিছিল নিখোজ মণি মুণ্ডা।ইয়াৰ পৰৱৰ্তী সময়ত যেতিয়া আটাই কেইজনে কৰ্নাটাকৰ নিৰ্দিষ্ট স্থান ঢুকি পোৱাত পত্নীক ফোন যোগে মণি নিৰুদ্দেশৰ কথা জানিব দিয়ে । ইয়াৰ পিছতে পৰিয়াল টোত হাহাকাৰ লাগে। আজি ছয় দিন অতিক্ৰ্ম কৰাৰ পিছতো সন্ধান নাই মণিৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
