ধেমাজি, ২৪ অক্টোবৰ (হি.স.)। ধেমাজি জিলাৰ গোগামুখৰ মিচিং স্পটৰ্চ কাৰ্নিভেল ২০২৫ ৰ তৃতীয় সংস্কৰণ আৰম্ভ হৈছে ৷ ৰাজ্যৰ ১৭ খন জিলাৰ তিনি সহস্ৰাধিক খেলুৱৈ প্ৰতিনিধি উপস্থিত হৈছে ৷ এই উপলক্ষ্যত উখল মাখল হৈ পৰিছে গোগামুখ চহৰ। উদ্বোধনী অনুষ্ঠানত অসম সন্তান ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ অম্লান বৰগোহাঁই আৰু ৰুনজুন পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ।
মিচিং ছাত্ৰ সংগঠন টাকাম মিচিং পৰিন কৗবাঙ চমুকৈ টি এম পি কেৰ উদ্যোগত আৰু মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতা মিচিং স্পটৰ্চ কাৰ্নিভেলৰ তৃতীয় সংস্কৰণটি আড়ম্বৰপুৰ্ণ অনুষ্ঠানৰ মাজেৰ চাৰিদিনীয়া বনাৰ্ঢ্য কাৰ্যসূচীৰে গোগামুখ মহাবিদ্যালয় আৰু গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হৈছে ৷ প্ৰথমে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে তিনিটা নাহৰ গছৰ পুলি ৰোপন কৰে ক্ৰমে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলিপ কুমাৰ ঝা, মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনিল পেগুৱে। গেম ভিলেজৰ আদৰণী তোৰণৰ শুভ উন্মোচন কৰে ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰে৷ চাৰিদিন ধৰি ২৩, ২৪, ২৫ আৰু ২৬ অক্টোবৰত গোগামুখত অনুষ্ঠিত হ’ব ‘মিচিং স্পৰ্টছ কাৰ্নিভেল’।
প্ৰতিযোগিতা খনত ৰাজ্যখনৰ লখিমপুৰ, ধেমাজি, মাজুলী, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, চৰাইদেউ, বিশ্বনাথ, ঢকুৱাখনা, শোণিতপুৰ আদি ১৭ খন জিলাৰ তিনি সহস্ৰাধিক প্ৰতিনিধি তথা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ৷ মিচিং জাতিৰ পিছপৰা গ্ৰাম্যাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈ সকলক ৰাজ্যিক, আন্ত:ৰাজ্যিকৰ লগতে বিশ্ব দৰবাৰতো এক মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে টি: এম: পি: কেই এই যুগান্তকাৰী প্ৰদক্ষেপ গ্ৰহণ কৰিছে।
উদ্বোধনী সভাত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ৰাজ্যৰ ক্ৰিয়ামন্ত্ৰী বিমল বড়া, মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, মাজুলীৰ বিধায়ক ভূৱন গাম, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া , অধ্যক্ষ সুনিল পেগু আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
