কাছাৰ, ২৪ আগষ্ট (হি.স.)। কাছাৰৰ কাটিগড়ত ভূমি মাফিয়াৰ দপ দপনি। মুখমন্ত্রী হিমন্ত বিশ্ব শর্মাক কেৰেপ ন’কৰে একাংশ ভূ মাফিয়াই। কাটিগড়া ছৈদপুৰত বলপূৰ্বকভাৱে এজন বৃদ্ধৰ মাটি দখলৰ চেষ্টা চলাই মোস্তাক আহমেদৰ লগতে তেওৰ গুণ্ডাবাহিনী। বৃদ্ধ গৰাকী বাধা প্ৰদান কৰাৰ সময়ত তেওক মাৰপিট কৰে মোস্তাকৰ লগতে তেওৰ গুণ্ডাবাহিনীয়ে।
এই ঘটনাৰ পিছত অভিযুক্ত সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আবুল হুসেইন নামৰ বৃদ্ধ গৰাকী। গোচৰ’ৰ পিছত তদন্ত আৰম্ভ কৰিছে কাছাৰ আৰক্ষীয়ে। বর্তমান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
