যোৰহাট, ০২ ডিছেম্বৰ (হি স)। যোৰহাট জিলাৰ তিতাবৰত নিশা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰখাই থোৱা কণ্ট্ৰেনাৰত খুন্দা মাৰে এএছ ০৩ এবি ৮৫৯৭ নম্বৰৰ (Tata Altroz) গাড়ীখন। তিতাবৰ অভিমুখী গাড়ীখনে তিতাবৰ ন আলি ঢলীৰ পথৰ ওপৰত ৰখাই থোৱা এএছ ০১ জেচি ২৮০১ নম্বৰৰ এখন কণ্ট্ৰেনাৰত খুন্দা মাৰে।
দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয় এলট্ৰোজ গাড়ী খনৰ অহা চালকসহ আৰোহী। ইয়াৰে আহত এজন আৰোহীক সংকটজনক অৱস্থাত জেওমচিএইচলৈ প্ৰেৰণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
