
মৰিগাঁও, ০৮ নৱেম্বৰ (হি.স.): দুৰ্গোৎসৱ পিছত হিন্দু ধৰ্মাৱলম্বী সকলৰ দ্বিতীয় বৃহত্তম ধর্মীয় উৎসৱ হৈছে কালী পূজা। সনাতন ধৰ্মাৱলম্বী সকলে কাতি মাহৰ অমাৱস্যা তিথিত সাধাৰণত কালীপূজা অনুষ্ঠিত কৰে। সনাতন ধৰ্মৰ পূৰাণ অনুযায়ী মা কালী হৈছে দেবী দুর্গাৰেই অন্য এটা শক্তি। (সংস্কৃত ভাষাত ‘কাল’ শব্দৰ পৰা কালী নামৰ উৎপত্তি)।কালীপূজা হৈছে শক্তিৰ পূজা। জগতৰ সকলো অশুভ শক্তিক পৰাভুত কৰি দেৱী কালীয়ে শুভশক্তিৰ বিজয় সাব্যস্ত কৰে। দেৱী কালী তাৰ ভক্তবিন্দুৰ মাজত শ্যামা, আদ্য মা, তাৰী মা, চামুণ্ডী, ভদ্রকালী, দেৱী মহামায়া সহ এনেকুৱা অনেক নামাৰে পৰিচিত।
কালী পূজাৰ দিন সনাতন ধর্মৰ অনুসাৰিসকলে সন্ধিয়া তেঁওলোকৰ ঘৰত তথা শ্মশানত বন্তি প্ৰজ্বলন কৰি মৃত পিতৃ-মাতৃ তথা আপোনজনক স্মৰণ কৰে, যাক দীপাৱলী বুলি কোৱা হয়। দুর্গা পূজাৰ দৰেই কালী পূজাও স্বগৃহত বা মণ্ডপত মৃন্ময়ী প্রতিমা সাজি পূজা কৰা হয়। মন্দিৰত বা গৃহত প্রতিষ্ঠিত প্রস্তৰময়ী বা ধাতু প্রতিমাতো দেৱী কালীৰ পূজা কৰা হয়। মাজ নিশা তান্ত্রিক পদ্ধতিত মন্ত্রোচ্চাৰণৰ মাজেদি পূজা অনুষ্ঠিত হয়। পিছে গৃহস্থৰ ঘৰৰ সাধাৰণত অতান্ত্রিক ব্রাহ্মণ্যমতত আদ্যাশক্তি কালীৰ ৰূপত কালীৰ পূজা অনুষ্ঠিত হয়। হিন্দু লোকবিশ্বাস মতে দেৱী কালী শ্মশানৰ অধিষ্ঠাত্রী। এই কাৰণতে শ্মশানসমূহত মহা ধুমধামেৰে শ্মশানকালী পূজাও অনুষ্ঠিত হয়।
উল্লেখ্য যে, সমাজৰ পৰা অসূয়া, অপ্ৰীতি, অমঙ্গল, অধৰ্মী, অসহিষ্ণুতাৰ বাতাবৰণ, হিংসা, ঘৃণা, নিন্দা, বিভেদ, জাতিগত বৈষম্য, আদি মষিমূৰ কৰি ধৰাৰ বুকুত একতা, মৈত্ৰী, ন্যায়-নিষ্ঠা, সমতা, সততা, ধৰ্মৰ জয়ধ্বজা আৰু শান্তি প্ৰতিষ্ঠা কৰিবলৈ যি আদ্যাশক্তিৰ উৎপত্তি হৈছিল সেয়া হৈছে মা চণ্ডীকা দেৱী বা মা ভদ্রকালী।
পোহৰৰ উৎসৱ দিপান্বিতাই বিভিন্ন জাতি-জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকৰ মাজত একতা, বিশ্বাস, শান্তি, মৈত্ৰী আৰু ভাতৃত্ববোধৰ এনাজৰী আৰু অধিক সুদৃঢ় কৰি তোলাৰ লগতো এইবেলিৰ পূজাৰ মন্ত্ৰ, উলুধ্বনি আৰু দীপাৱলীৰ পোহৰে মানুহৰ মন-মগজু প্ৰেম-ভালপোৱা তথা জ্ঞানৰ পোহৰে উজ্জীৱিত কৰি তোলাৰ আশা কৰিছো ৷ লগতে এই উৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
