
ধুবুৰী, : বাল্য বিবাহৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান অব্য়াহত আছে। থানাৰ ছটোগুমা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জাহাঙ্গীৰ আলোমৰ নেতৃত্বত কালি নিশা চলিছিল অভিযান। অভিযানত দৰা-কইনা সহ বৰযাত্ৰীক আটক কৰা হয়।
প্ৰাপ্ত তথ্য মতে চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাৰ তুফানগঞ্জ মহকুমাৰ যোৰাইমোৰৰ দৰা আহিছিল গোলকগঞ্জৰ ছটোগুমা আৰক্ষী নিৰীক্ষণ চকীৰ খলিচামাৰীত এগৰাকী ১৭ বছৰীয়া নাবালিকাক বিয়া পাতিবলৈ । এই খবৰ লাভ কৰি গোলোকগঞ্জৰ থানাৰ ছটোগুমা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জাহাঙ্গীৰ আলোমে বিবাহস্থলীত উপস্থিত হৈ দৰা কইনা সহ আটক কৰে কেইবাজনো বৰযাত্ৰীক।পশ্চিম বংগৰ যোৰাইমোৰৰ দৰা সাবিৰুল শেখ, বিদ্যাৰডাবৰীৰ হাফিজুৰ ৰহমান, ধুবুৰীৰ ঝগ্ৰাৰপাৰৰ সবিদুল ইছলাম, গাড়ী চালক আনোৱাৰ হুছেইন, খলিছামাৰিৰ জিয়াৰুল মণ্ডল, কইনাৰ মোমায়েক জালাল উদ্দিন মিয়াসহ কইনাক আটক কৰে।
গোলোকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ সৱল নেতৃত্বত চলি আছে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান। আনহাতে পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা। জন্মৰ প্ৰমাণ পত্ৰত আছে ১৩-০১-২০০৬ আৰু বিদ্যালয়ৰ প্ৰমাণ পত্ৰত ১৩-০১-২০০৭ জন্মৰ তাৰিখ। হালাকুৰা স্বাস্থ্যকেন্দ্ৰৰ পৰা লৈছিল আই প্ৰমাণ পত্ৰ খন। এক দুষ্ট চক্ৰই হালাকুৰা স্বাস্থ্যকেন্দ্ৰৰ জাল ছীল মোহৰ ব্যৱহাৰ কৰি জন্মৰ প্ৰমাণ পত্ৰৰ এক ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
