নতুন দিল্লী, ২৪ আগষ্ট (হি.স.)। তৃতীয় আৰু অন্তিম এদিনীয়া খেলখনত অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাক ২৭৬ ৰানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ মেকেত খেলা খেলখনত আয়োজক দলটোৱে ৫০ অভাৰত ২ উইকেটত ৪৩১ ৰানৰ বিশাল স্ক’ৰ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অতিথি দলটো মাত্ৰ ১৫৫ ৰানত সীমাবদ্ধ হৈ পৰে। দক্ষিণ আফ্ৰিকাৰ দলটোৱে হয়তো শেষৰখন মেচত পৰাস্ত হৈছিল যদিও প্ৰথম দুখন মেচত জয়ী হৈছিল। এইদৰে দক্ষিণ আফ্ৰিকাই তিনিখন মেচৰ এদিনীয়া শৃংখলা ২-১ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ পূৰ্বে তিনিখন খেলৰ টি-২০ শৃংখলাত দক্ষিণ আফ্ৰিকাক ২-১ ব্যৱধানত পৰাস্ত কৰিছিল অষ্ট্ৰেলিয়াই।
টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পথ বাছি লৈ অষ্ট্ৰেলিয়াই অ’পেনাৰ ট্ৰেভিছ হেড আৰু মিচেল মাৰ্ছৰ পৰা এক সুন্দৰ আৰম্ভণি কৰে। দুয়োগৰাকী বেটছমেনে প্ৰথম উইকেটৰ বাবে ২৫০ ৰানৰ বৃহৎ অংশীদাৰিত্ব গঢ়ি তুলিছিল। ট্ৰেভিছ হেডে ১০৩ বলত ১৪২ ৰানৰ দ্ৰুত শতক ইনিংছ খেলিছিল। হেডে নিজৰ ইনিংছত ১৭টা চাৰি আৰু ৫টা ছয় কৰে। মিচেল মাৰ্ছে ১০৬ বলত ১০০ ৰান সংগ্ৰহ কৰে। দুয়োৰে উইকেট কমি যোৱাৰ পাছত কেমেৰন গ্ৰীণ আৰু এলেক্স কেৰীয়ে দ্ৰুতগতিত ৰান সংগ্ৰহ কৰি দলটোৰ স্ক’ৰ ৫০ অভাৰত ২ উইকেটত ৪৩১ ৰাণত উপনীত হয়। গ্ৰীনে ৫৫টা বলত নট আউট ১১৮ ৰানৰ ধুমুহাময় ইনিংছ খেলিছিল। গ্ৰীনে নিজৰ ইনিংছত ৬টা চাৰি আৰু ৮টা ছয় কৰে। একে সময়তে এলেক্স কেৰীয়ে ৭টা চাৰিৰ সহায়ত অপৰাজিত ৫০ ৰান সংগ্ৰহ কৰে।
ইফালে ৪৩২ ৰানৰ বিশাল লক্ষ্য খেদিবলৈ ওলাই অহা দক্ষিণ আফ্ৰিকাৰ দলটোৰ আৰম্ভণি বেয়া আছিল। দলটোৱে ৫০ ৰানত ৪ উইকেট হেৰুৱাইছিল। আইডেন মাৰ্ক্ৰামে ২ ৰান, ৰিয়ান ৰিকেলটনে ১১ ৰান, টেম্বা বাভুমা ১৯ আৰু ট্ৰিষ্টান ষ্টাবছে এটা ৰান সংগ্ৰহ কৰি আউট হৈছিল। ইয়াৰ পাছত টনি ডি জোৰ্জি (৩৩ ৰান) আৰু ডেৱাল্ড ব্ৰেভিছে (৪৯ ৰান) কিছু ৰান সংগ্ৰহ কৰে যদিও কোনো বেটছমেনে বিশাল ইনিংছ খেলিব নোৱাৰিলে। গোটেই দলটোৱে ২৪.৫ অভাৰত ১৫৫ ৰান সংগ্ৰহ কৰি অল আউট হয়।
দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ পৰাজয়, অষ্ট্ৰেলিয়াৰ দ্বিতীয় বৃহত্তম জয়-
এই অন্তিমখন এদিনীয়াত অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাক ২৭৬ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। এদিনীয়া মেচত ৰানৰ ব্যৱধানত এইটোৱেই হৈছে দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ পৰাজয়। ইয়াৰ পূৰ্বে ২০২৩ চনত দক্ষিণ আফ্ৰিকা ভাৰতীয় দলৰ হাতত ২৪৩ ৰানত পৰাস্ত হৈছিল। এয়া অষ্ট্ৰেলিয়াৰ এদিনীয়াত দ্বিতীয় বৃহত্তম জয়। ইয়াৰ পূৰ্বে ২০২৩ চনত দিল্লীত অষ্ট্ৰেলিয়াই নেদাৰলেণ্ডক ৩০৯ ৰানত পৰাস্ত কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
