গুৱাহাটী, ১২ নৱেম্বৰ (হি.স.)। সমগ্ৰ ৰাজ্যতে আজি দীপাৱলী উপলক্ষে এক আনন্দ উল্লাসৰ পৰিৱেশে বিৰাজ কৰিছে। কালী পূজা আৰু দীপাৱলী আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যতো পালন কৰা হৈছে। পোহৰৰ উৎসৱটোক লৈ আজি সমগ্ৰ ৰাজ্যবাসী তথা দেশবাসীয়ে বিভিন্ন প্ৰস্তুতি চলাইছে।
ইফালে এইবাৰ দীপাৱলী উৎসৱৰ বন্ধৰ দিন ৰবিবাৰে পৰিছে আৰু সোমবাৰে ৰাজ্য চৰকাৰে কোনো বন্ধ দিয়া নাই। সেয়ে সোমবাৰে অসমৰ বিভিন্ন জিলাই নিজাববীয়াকৈ দীপাৱলী উপলক্ষে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। কামৰূপ মহানগৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা অহা ১৩ নৱেম্বৰত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত সাধাৰণ প্রশাসন বিভাগে এক অধিসূচনা জাৰি কৰি এই কথা উল্লেখ কৰিছে। অধিসূচনা অনুসৰি ১৩ নৱেম্বৰত কামৰূপ মহানগৰ জিলাৰ সকলো শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আৰু বিত্তীয় প্রতিষ্ঠান আদি বন্ধ থাকিব।
আনহাতে, পোহৰৰ উৎসৱৰ বাবে গোলাঘাট জিলাৰ আয়ুক্ত পি উদয় প্রবীণেও এক নির্দেশনাযোগে অহা ১৩ নৱেম্বৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে। লগতে দীপাৱলী উপলক্ষে বিশ্বনাথ জিলা প্রশাসনেও সোমবাৰে জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰিছে। উক্ত দিনা বিশ্বনাথ জিলাৰ সকলো চৰকাৰী বিভাগৰ কাৰ্যালয়, ৰাজহ আৰু দণ্ডাধীশৰ আদালত, শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠান আদি বন্ধ থাকিব। অৱশ্যে, যদি জিলাখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পৰীক্ষা আদি পূৰ্বে নিৰ্ধাৰিত হৈ আছে, তেনে ক্ষেত্ৰত এই স্থানীয় বন্ধই সেয়া সামৰি নল’ব বুলি নির্দেশনাত উল্লেখ কৰা হৈছে।
ইয়াৰোপৰিও, দীপাৱলী উপলক্ষে অহা ১৩ নৱেম্বৰ, সোমবাৰে মৰিগাঁৱতো স্থানীয় বন্ধৰ ঘোষণা কৰা হৈছে। এই দিনটোত চৰকাৰী অনুষ্ঠান, প্ৰতিষ্ঠান আদি বন্ধ থাকিব। ইফালে, চৰাইদেউ জিলাৰ আয়ুক্তই কালীপূজা আৰু দীপাৱলী উপলক্ষে সোমবাৰে জিলাখনৰ ৰাজহ আৰু দণ্ডাধীশ আদালত, শিক্ষানুষ্ঠান, বিত্তীয় প্রতিষ্ঠানকে ধৰি ৰাজ্য চৰকাৰৰ সকলো কার্যালয় বন্ধ থাকিব বুলি কৈ স্থানীয় বন্ধৰ ঘোষণা কৰিছে। অৱশ্যে, জৰুৰীকালীন সেৱা আৰু বিভিন্ন ধৰণৰ পৰীক্ষা আৰু আনুসংগিক সেৱাৰ সৈতে জড়িত সকলো কৰ্তব্য আৰু সেৱাৰ ক্ষেত্ৰত এই বন্ধৰ কোনো প্ৰভাৱ নপৰে বুলি জাননীখনত উল্লেখ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
