ধুবুৰী, ১৫ ডিচেম্বৰ (হি.স.)। ধুবুৰী জিলাৰ ️বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাকুটাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ️তীব্ৰ বেগী ডাম্পাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে | ইয়াৰ ফলত গুৰুতৰ ভাবে আহত হয় দুই বাইক আৰোহী |
দুৰ্ঘটনাটোত ️আহত হয় ছানোৱাৰ হুছেইন(২৪) আৰু ৰমজান হুছেইন (২২) নামৰ দুই ভাতৃ | ️আহত দুয়ো ভাতৃক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ️দুয়োজনৰ অৱস্থা অতি সংকটজনক হোৱাত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় | ইফালে ️ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে |
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
