গুৱাহাটী, ১২ নৱেম্বৰ (হি.স.)। উৎসৱৰ ভিৰৰ সময়ত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেই আৰু কেইখনমান উৎসৱ বিশেষ ৰে’ল পৰিচালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উৎসৱ বিশেষ ৰে’লসমূহে গুৰুত্বপূৰ্ণ গন্তব্য স্থানসমূহক সংযোগ কৰাৰ লগতে আৰু ইয়াৰ সময়ানুৱৰ্তীতা বজাই ৰাখি পৰিচালন কৰিব। এই উৎসৱ বিশেষ ৰে’লসমূহৰ পৰিচালনে নিয়মীয়া ৰে’লৰ বাবে প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাত কৰাত সহায় কৰিব।
সেই অনুসৰি, ৰে’ল নং ০৭৫৪০ (কাটিহাৰ – মণিহাৰী) উৎসৱ বিশেষ ৰে’লখন ১০ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰ লৈকে দৈনিক ভিত্তিত চলাচল কৰিব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৭৫৩৯ (মণিহাৰী- কাটিহাৰ) উৎসৱ বিশেষ ৰে’লখন ১১ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰ লৈকে দৈনিক ভিত্তিত চলাচল কৰিব।
উৎসৱ বিশেষ ৰে’ল নং ০৭৬০২/০৭৬০১ (আগৰতলা – ধৰ্মনগৰ – আগৰতলা) আৰু উৎসৱ বিশেষ ৰে’ল নং ০৭৬০৪/০৭৬০৩ (আগৰতলা – সব্ৰুম – আগৰতলা) উভয় দিশত ১৩ ৰ পৰা ১৬ নৱেম্বৰ লৈ চাৰিটা ট্ৰিপৰ বাবে চলাচল কৰিব।
ৰে’ল নং ০৪৫৩৬ (চণ্ডিগড় – কাটিহাৰ) উৎসৱ বিশেষ ৰে’লখন ১০, ১৩, ১৬ আৰু ১৯ নৱেম্বৰ তাৰিখে চাৰিটা ট্ৰিপৰ বাবে চলাচল কৰিব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং. ০৪৫৩৫ (কাটিহাৰ – চণ্ডিগড়) উৎসৱ বিশেষ ৰে’লখন ১২, ১৫, ১৮ আৰু ২১ নৱেম্বৰ তাৰিখে চাৰিটা ট্ৰিপৰ বাবে চলাচল কৰিব।
ৰে’ল নং ০৫৯৭৮ (ডিব্ৰুগড়-গোৰখপুৰ) ৰেলখন ১৩ ৰ পৰা ২৭ নৱেম্বৰ পৰ্যন্ত প্ৰতি সোমবাৰে তিনিটা ট্ৰিপৰ বাবে চলাচল কৰিব। উভতনি যাত্ৰাৰ দিশত, ০৫৯৭৭ (গোৰখপুৰ- ডিব্ৰুগড়) ৰে’লখন প্ৰতি বুধবাৰে ১৫ ৰ পৰা ২৯ নৱেম্বৰ লৈ তিনিটা ট্ৰিপৰ বাবে চলাচল কৰিব।
উৎসৱ বিশেষ ৰে’ল নং ০৫৯৭৪ (নিউ তিনিচুকীয়া – মধুবনী) ৰে’লখন ১৪ ৰ পৰা ২৮ নৱেম্বৰ লৈ প্ৰতি মঙলবাৰে তিনিটা ট্ৰিপৰ বাবে চলাচল কৰিব। উভতনি যাত্ৰাৰ দিশত, উৎসৱৰ বিশেষ ৰে’ল নং ০৫৯৭৩ (মধুবনী – নিউ তিনিচুকীয়া) ৰে’লখন প্ৰতি বুধবাৰে ১৫ ৰ পৰা ২৯ নৱেম্বৰ লৈ তিনিটা ট্ৰিপৰ বাবে চলাচল কৰিব।
উৎসৱ বিশেষ ৰে’ল নং ০২৩০১/০২৩০২ (হাওৰা – নিউ জলপাইগুড়ী – হাওড়া) বন্দে ভাৰত স্পেচিয়েল ৰেলখন প্ৰতি বুধবাৰে ১৫ ৰ পৰা ২৯ নৱেম্বৰ লৈ উভয় দিশত তিনিটা ট্ৰিপৰ বাবে চলাচল কৰিব।
হিন্দুস্থান সমাচাৰ/ অৰৱিন্দ/মনোজ
