
ওদালগুৰি, ১৩ জানুৱাৰী (হি.স.): ভোগৰ উৎসৱ ভোগালীক লৈ ব্যস্ত হৈছে ৰাজ্যবাসী। খোৱা লোৱা সামগ্ৰীত গুৰুত্ব দিয়াৰ সমান্তৰালকৈ গঞা ৰাইজে প্ৰধানকৈ মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে। পৰম্পৰাগত মেজি আৰু ভেলাঘৰৰ লগতে বিভিন্ন আৰ্হিত এইবাৰ নিৰ্মাণ কৰিছে ভেলাঘৰ । ইয়াৰ মাজতে এক ব্যতিক্ৰমী পৰিৱেশ পৰিলক্ষিত হৈছে ওদালগুৰি-শোণিতপুৰৰ সীমান্তৰ বৰছলাত। আখল এৰি পথাৰত ব্য়স্ত মহিলাসকল। পুৰুষৰ পৰিবৰ্তে কেৱল মহিলাই নিৰ্মাণ কৰিছে ভেলাঘৰ।
মহিলাই বাহ, নৰা, খেৰ কাটি আৰু বাহৰ কামি চাচি তঙাল তুলাই নিৰ্মাণ কৰিছে ভেলাঘৰ। বৰছলা চাৰিআলিত এই সকল মহিলাই নিৰ্মাণ কৰিছে পৰম্পৰাগত আৰ্হিৰ ভেলাঘৰ। বিহু নাম গাই গাই মহিলা সকলে নিৰ্মাণ কৰিছে এনেদৰে ভেলাঘৰ। ভেলাঘৰ নিৰ্মাণ কৰি উৎফুল্লিত হৈছে মহিলা সকল। মহিলাসকলে ঘৰতে বেছিভাগ সময় কাম নকৰি বিহুৰ বতৰত সকলোৱে একগোট হৈ নিৰ্মাণ কৰিছে ভেলাঘৰ। উৰুকাৰ দিনা বিভিন্ন অনুষ্ঠাৰ আয়োজন কৰিছে মহিলা সকলে। অসমীয়া সংস্কৃতি সমৃদ্ধিশালী কৰাৰ প্ৰয়াস মহিলা সকলৰ। লগতে ভেলাঘৰ নিৰ্মাণৰ বাবে মহিলা সকলক আগবাঢ়ি আহি সংস্কৃতি ৰক্ষা কৰিবলৈ আহ্বান জনায় বৰছলাৰ এই সকল মহিলাসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
