নগাঁও, ২৯ জুলাই (হি.স.)। দুটাকৈ চৰকাৰী কাৰ্যসূচী হাতত লৈ আজি কলিয়াবৰত আহি উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী অশোক সিংহল। প্ৰথমতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয় খন পৰিদৰ্শন কৰাৰ লগতে নৱনিৰ্মিত ১৫০খন বিচনাযুক্ত কলিয়াবৰ জিলা অসামৰিক চিকিৎসালয়ৰ অগ্ৰগতি সম্পৰ্কে বুজ লয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।
ইয়াৰ লগতে চিকিৎসালয় খনিৰ বিভিন্ন সমস্যাৰাজি সন্দৰ্ভত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী অশোক সিংহল। স্বাস্থ্যমন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শনৰ সময়ত স্থানীয় বিধায়ক তথা ৰাজহ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে। পৰিদৰ্শন কালতে জখলাবন্ধাস্থিত মহকুমা চিকিৎসালয়খনৰ সমস্যাৰাজি শীঘ্ৰে দূৰীকৰণৰো আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
