লক্ষীমপুৰ, ১০ ফেব্ৰুৱাৰী: লক্ষিমপুৰ জিলাৰ ঢকুৱাখনাত আজি ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰা হয। ঢকুৱাখনা বিজেপিৰ অবিচি মৰ্চাৰ উদ্যোগত স্থানীয় গান্ধী ময়দানৰ সমীপত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কাগজী অবিচি আখ্যা দিয়াৰ প্ৰতিবাদত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাহুল গান্ধীয়ে ক্ষমা খোজক, অবিচি সমাজক অপমান কৰা সহ্য কৰা নহ’ব, মোডীজীক অপমান সহ্য কৰা নহব আদি শ্ল’গানেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰা হয়।
