• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > বিটিচিৰ পঞ্চম সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ
Regional

বিটিচিৰ পঞ্চম সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

CliQ INDIA
Last updated: September 26, 2025 12:10 pm
CliQ INDIA
Share
3 Min Read
SHARE

কোকৰাঝাৰ, ২৬ ছেপ্টেম্বৰ (হি.স.): বিটিচিৰ পঞ্চম সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা আৰম্ভ হয়। বিটিচিৰ পাঁচখন জিলাত আছে ৪০ টা সমষ্টি।

ইয়াৰে ভিতৰত কোকৰাঝাৰ জিলাত আছে ১২ টা সমষ্টি আৰু জিলাখনত মুঠ ১০০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে ভিতৰত ৪৩ গৰাকী কোকৰাঝাৰ মহকুমাত, ৪৮ গৰাকী গোঁসাইগাঁও মহকুমাত আৰু এগৰাকীয় পৰ্বতঝোৰাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

জিলাখনত মুঠ ভোটাৰ আছে ৭,০০,৯৫১ জন । ইয়াৰে ভিতৰত ৫,৮১,৩৭৯গৰাকী ভোটাৰে ভোটদান কৰিছে । ভোটদানৰ হাৰ ৮২.৯৪ শতাংশ ।

কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ ভিতৰত কোকৰাঝাৰ মহকুমাত ৬ টা, গোঁসাইগাঁও মহকুমাত ৫ টা আৰু পৰ্বতঝোৰা মহকুমাত আছে ১ টা সমষ্টি ।

আনহাতে কোকৰাঝাৰ মহকুমাত থকা ৬ টা সমষ্টিত মুঠ ভোটাৰ আছিল ৩,৫৬,৫১৯ জন আৰু ভোটদান কৰিছে ২,৯২,১৩২ জনে। ৬ টা সমষ্টিৰ মুঠ ভোটদানৰ হাৰ ৮১.৮২ শতাংশ।

কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আৰম্ভ হৈছে কোকৰাঝাৰ মহকুমাৰ ৬ টা সমষ্টিৰ ভোটগণনা ।

কোকৰাঝাৰ মহকুমাৰ ৬ টা সমষ্টি হ’ল ক্ৰমে ৭ নং ফকিৰাগ্ৰাম , ৮ নং দোতমা, ৯ নং বনৰগাঁও , ১০ নং দেৱৰগাঁও , ১১ নং বাওখুংগ্ৰী আৰু ১২ নং ছালাকাটি সমষ্টি ।

ইপিনে ৭নং ফকিৰাগ্ৰামত প্ৰতিদ্বন্দ্বিতা কৰিছে ১৩ গৰাকী প্ৰাৰ্থীয়ে, ৮ নং দোতমাত ৭ গৰাকী, ৯ নং বনৰগাঁৱত ৬ গৰাকী, ১০ নং দেৱৰগাঁৱত ৫ গৰাকী, ১১ নং বাওখুংগ্ৰীত ৭ গৰাকী আৰু ১২ নং ছালাকাটি সমষ্টিত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

আজি ভাগ্য পৰীক্ষা হ’ব এই প্ৰাৰ্থীসকলৰ । কোনে শেষ হাঁহি মাৰিব তাকে লৈ ব্যাপক উৎকণ্ঠা অব্যাহত আছে।

কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ ভিতৰত ইউপিপিএলে প্ৰাৰ্থী দিছে ১২ টাত, বিপিএফে ১২ টাত, কংগ্ৰেছে ১২ টাত, বিজেপিয়ে ৯ টাত, ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেলে ১০ টাত, টিএমচিয়ে ৮ টাত, এআইইউডিএফে ৬ টাত, সমাজবাদী পাৰ্টী ৩ টাত, অগপ ২ টাত, অসম জাতীয় পৰিষদ ২ টাত আৰু জিএচপিয়ে ২ টা সমষ্টিত প্ৰাৰ্থীত্ব দিছে।

উল্লেখ্য যে কোকৰাঝাৰ জিলাতে আছে সৰ্বাধিক হাইপ্ৰফাইল প্ৰাৰ্থী। দোতমা সমষ্টিত ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই প্ৰতিদ্বন্দ্বিতা কৰিছে ।

দেৱৰগাঁও সমষ্টিত বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী আৰু প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ।

কচুগাঁও সমষ্টিত বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ।

ছালাকাটি সমষ্টিত ইউপিপিএলৰ বিধায়ক লৰেন্স ইছলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । ইফালে ইউপিপিএলৰ ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ।

আনহাতে ফকিৰাগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰি বিটিচিতো বিজেপিয়ে ভাল ফলাফল দেখুয়াব বুলি মন্তব্য কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়ালৈ গোলাঘাটত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি | BulletsIn
কৰিমগঞ্জৰ বদৰপুৰত নিষিদ্ধ ফেনচিডিলৰ সৈতে গ্ৰেপ্তাৰ ভিডিপি কৰ্মী
বহুদা বিভক্ত জমিয়তে কেৱল মুছলমানৰ ওপৰত হোৱা অত্যাচাৰহে দেখিবলৈ পাই: দেৱব্ৰত শইকীয়া
বিটিআৰবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন প্ৰদেশ বিজেপিৰ
টীয়কত নিশা ভয়ংকৰ পথ দূৰ্ঘটনা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিএম কুসুম যোজনাৰ হিতাধিকাৰীৰ সৈতে মত বিনিময়
Next Article ড্ৰপ কেচ আৰু ভুল শ্বট নিৰ্বাচনৰ ফলত পাকিস্তানৰ বিৰুদ্ধে পৰাজয়: প্ৰশিক্ষক ফিল ছিমনছ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?