
নতুন দিল্লী, ২৯ জুলাই (হি.স.)। জম্মু-কাশ্মীৰৰ পেহেলগামত যোৱা ২২ এপ্ৰিলত ২৬ জন পৰ্যটকক নিজৰ ধৰ্ম সুধি নৃশংসভাৱে হত্যা কৰা তিনিওজন সন্ত্ৰাসবাদীক সোমবাৰে নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত হত্যা কৰা হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰৰ পৰা লোকসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰি এই তথ্য সদনৰ লগতে দেশবাসীৰ সৈতে ভাগ-বতৰা কৰে।
তেওঁ কয়, মই সদনৰ জৰিয়তে সমগ্ৰ দেশক কালিৰ ‘অপাৰেচন মহাদেৱ’ৰ তথ্য দিব বিচাৰো। কালি ‘অপাৰেচন মহাদেৱ’ত সেনা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত চুলেমান, আফগান আৰু হামজা জিব্ৰাণ নামৰ তিনিজন সন্ত্ৰাসবাদী নিহত হয়।
গৃহমন্ত্ৰীগৰাকীয়ে কয় যে চুলেমান লস্কৰ-ই-তৈবাৰ এ কেটেগৰী কমাণ্ডাৰ আছিল। পেহেলগাম আৰু গগনগীৰ সন্ত্ৰাসবাদী আক্ৰমণত তেওঁ জড়িত আছিল বুলি আমাৰ এজেন্সীবোৰৰ হাতত বহু প্ৰমাণ আছে। আফগান আৰু হামজা জিব্ৰানো আছিল এ গ্ৰেডৰ সন্ত্ৰাসবাদী যি আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে গুৰুতৰ ভাবুকি আছিল। ২২ মে’ত চেন্সৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ উপস্থিতি নিশ্চিত কৰা হৈছিল। তাৰ পিছত আমাৰ ৪ পাৰা নেতৃত্বাধীন চি আৰ পি এফ জোৱান আৰু জম্মু-কাশ্মীৰ পুলিচৰ জোৱানে মিলি সন্ত্ৰাসবাদীক ঘেৰি ধৰিলে। বৈছাৰণ উপত্যকাত আমাৰ নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰাসকলৰ ভিতৰত এই তিনিজন সন্ত্ৰাসবাদী আছিল আৰু কালি তিনিওজনেই হত্যা কৰা হৈছিল।
তেওঁ কয় যে সদন আৰু সমগ্ৰ দেশৰ হৈ সেনা, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ সকলো জোৱানক অভিনন্দন জনাইছো।
গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই অভিযান সফলতাৰে চলোৱাৰ বাবে ২৪ ৰাষ্ট্ৰীয় ৰাইফলছ (২৪ আৰ আৰ), ৪ পাৰা, জম্মু-কাশ্মীৰ আৰক্ষী (জে কে পি) আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ বীৰ জোৱানসকলক অভিনন্দন আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
