
বঙাইগাঁও, ০৪ জুলাই (হি.স.): বঙাইগাঁৱত দেখা গৈছে পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি । বঙাইগাঁৱত দুই বিবাহিত প্ৰেমিক যুগলৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্য়ৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য় মতে, প্ৰেমিক জীৱেশ্বৰ দত্ত বৰুৱা (বিবাহিত) আৰু প্ৰেমিকা লক্ষী ওৰফে অনু সৰকাৰে আত্মহত্যা কৰে। দুয়োৱে আত্মহত্যা কৰিছে বৰখাতা সংযোগী টুনীয়া নৈৰ সমীপত। জীৱেশ্বৰৰ ঘৰ জলাখাতাত আৰু লক্ষীৰ ঘৰ বাজিতপাৰাত বুলি জানিব পৰা গৈছে । দুয়ো বিবাহিতা যুৱক যুৱতীৰ দীৰ্ঘদিনৰে পৰা চলি আছিল প্ৰেম।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
