ডিব্ৰুগড়, ০১ আগষ্ট (হি.স.)। কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন হৈ পৰিছে টিংখাঙৰ এজন ব্যক্তি। সন্ধানহীন লোক জন টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ২ নং কচলুপথাৰ গাঁৱৰ ৰিংকু খাৰিয়া (৪০) বুলি পৰিচয় পোৱা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি ৰিংকুৱে যোৱা সোমবাৰে কৰ্ম-সংস্থাপনৰ তাগিদাত খুলশালী মিঠুন মুড়াৰ লগত তামিলনাডুলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। সেইদিনাই তিনিচুকীয়া ৰে’ল ষ্টেচনৰ পৰা তামিলনাডু লৈ বুলি দুয়ো ৰাওনা হয়। কিন্তু ৰহস্যজনক ভাৱে ৰিংকু খাৰিয়া বুধবাৰে তামিলনাডুৰ আম্বাতুৰৰ পাট্ৰাপাকামৰ পৰা নিৰুদ্দেশ হোৱা বুলি খৱৰ দিয়ে তেওঁৰ লগত যোৱা মিঠুন মুড়াই। উক্ত স্থানত বহুতো বিচাৰ-খোচাৰ কৰাৰ পাচতো ভিনিয়েকৰ কোনো সন্ধান লাভ নকৰিলে মিঠুন মুড়াই। ৰিংকু খাৰিয়াৰ নিৰুদ্দেশৰ ঘটনাত পৰিয়ালৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যদি কোনো ব্যক্তিয়ে ৰিংকু খাৰিয়াৰ সন্ধান পায় তেন্তে 7035968028 আৰু 6900883622 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
