কাৰ্বি আংলং, ২০ ছেপ্টেম্বৰ (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজানত যোৱা কালি শুকুৰবাৰে সন্ধিয়া প্ৰয়াত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয়। পৰিয়াল, আত্মীয়-স্বজনৰ লগতে সমগ্র অসমবাসীক শোক সাগৰত পেলাই কোনোদিনে ঘুৰি নহাৰ বাটেৰে গ’লগৈ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ।
বোকাজানৰ বিভিন্ন দল সংগঠন আৰু ৰাইজৰ উদ্যোগত বোকাজানত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাই স্থানীয় ৰাইজে। বোকাজান নগৰৰ চি চি আই গেটত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সকলোৱে জুবিন গাৰ্গৰ স্মৃতি ৰোমন্থন কৰি অশ্ৰুশিক্ত নয়নে শোকত ভাগি পৰে। একেধাৰে গায়ক, গীতিকাৰ, অভিনেতা, পৰিচালক, শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্র বোকাজান নগৰবাসী অশ্ৰুশিক্ত নয়নে শোকত ভাগি পৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
