দৰং, ২৭ নৱেম্বৰ (হি.স.): এমাহ আগতে এনএছইউআই সমৰ্থনত মঙলদৈ মহাবিদ্যালয়ৰ নিৰ্বাচিত ছাত্ৰ একতা সভাৰ নেতৃত্তই পদৰ পৰা পদত্যাগ কৰিছে ৷ ৰাজ্যিক তথা জিলা নেতৃত্বৰ ক্ষোভত এনএছইউআই পৰা পদত্যাগ কৰে মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বই ৷
মঙলদৈ মহাবিদ্যালয়ত নতুনকৈ এনএছইউআইৰ সমৰ্থনত নিৰ্বাচিত হোৱা ছাত্ৰ একতা সভাৰ সভাপতি, সম্পাদককে ধৰি নিৰ্বাচিত হোৱা নেতৃত্বৰ লগতে ৫৭ জন সদস্যই এনএছইউআইৰ পৰা পদত্যাগ কৰিলে ৷ আজি মঙলদৈ প্ৰেছ ক্লাৱত সংবাদমেল আয়োজন কৰি এই ঘোষণা কৰিলে মঙলদৈ মহাবিদ্যালয়ৰ নৱনিৰ্বাচিত ছাত্ৰ একতা সভাৰ নেতৃত্বই ৷ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই অযোগ্য ব্যক্তিক যুৱ কংগ্ৰেছৰ দায়িত্ব দিয়াৰ ক্ষোভত ছাত্ৰ নেতা সকলে পদত্যাগ কৰা বুলি সংবাদ মেলত ঘোষণা কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
