নতুন দিল্লী, ২৭ নৱেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়াৰ বলিং অলৰাউণ্ডাৰ জেছ জ’নাচেনে আঘাতৰ বাবে মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) ২০২৬ৰ নিলামৰ পৰা আঁতৰি আহিছে।
বৃহস্পতিবাৰে নিলামৰ পূৰ্বে অনুষ্ঠিত হোৱা ব্রিফিঙৰ সময়ত খেলুৱৈগৰাকীৰ অনুপলব্ধতাৰ কথা পোহৰলৈ আহে৷ বাওঁহাতৰ স্পিনাৰগৰাকীক ডব্লিউ পি এল ২০২৩ৰ নিলামত দিল্লী কেপিটেলছে তেওঁৰ ভিত্তি মূল্য ৫০ লাখ ₹ত ক্ৰয় কৰিছিল। তাৰ পিছৰে পৰা দলটোৰ হৈ ২৪খন মেচ খেলি ২৯৫ ৰান সংগ্ৰহ কৰি ৩৩টা উইকেট দখল কৰিছে।
যোৱা তিনিটা ছিজনৰ প্ৰতিটোতে ফ্ৰেঞ্চাইজিক ডব্লিউ পি এলৰ ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰাৰ ক্ষেত্ৰত জ’নাচেনে দিল্লী কেপিটেলছ দলৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে পৰিগণিত হৈছে।
পাঁচবাৰৰ টি-২০ বিশ্বকাপ বিজয়ী জেছ জ’নাচেনে অষ্ট্ৰেলিয়াৰ হৈ সকলো ফৰ্মেটতে ২০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
