বৰপেটা, ২৬ জুন (হি.স.): শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ভৱানীপুৰ মানাহ অভয়াৰণ্য ঘাইপথ যোৱাকালি বুধবাৰে বিয়লি অৱৰোধ কৰা হয় । ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাই অৱৰোধ কৰিলে পথচোৱা । ভৱানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বিলুপ্তিকৰণৰ প্ৰতিবাদ জনাই এই পথ অৱৰোধ কৰে।
ভৱানীপুৰ স্থিত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বৰপেটাৰোড লৈ স্থানান্তৰ কৰাৰ বাবে চৰকাৰে জাৰি কৰিছিল নিৰ্দেশনা। ইয়াৰ প্ৰতিবাদ জনাই বিধায়ক ফনীধৰ তালুকদাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰ েভৱানীপুৰ । বিজেপি চৰকাৰৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দিয়ে প্ৰতিবাদকাৰীসকলে । চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰাৰ বাবে সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ছাত্ৰ সন্থাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
