দক্ষিণ শালমাৰা মানকাচৰ, ২৭ ছেপ্টেম্বৰ (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত আছুৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি শুকুৰবাৰে সন্ধিয়া বিশাল মমশিখা সমদল প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷ শতাধিক লোকে প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি হতে হাতে মমবাতি লৈ বিশাল সমদল কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদ কাৰীৰ দাবী জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ পানী নসৰকা তদন্ত কৰা, দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কোঠাৰ শাস্তি প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক অপৰাধৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনায় ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
