বাক্সা, ২৪ অক্টোবৰ (হি.স.): বাক্সা জিলাৰ গোৰেশ্বৰৰ ঝাৰকাটা চ’কৰপৰা দুলাল চ’ক সংযোগী পথ নিৰ্মাণত হেমাহি কৰাৰ অভিযোগ উত্থাপিত হৈছেয বিগত প্ৰায় তিনি বছৰে অলপ শিল বালি পেলাই দায়িত্ব সামৰিছে ঠিকাদাৰে।
উল্লেখ্য় যে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচিনৰ ২০২২-২৩ বিত্তীয় বৰ্ষত আৱন্টন হৈছিল পথচোৱা। পথচোৱা নিৰ্মাণত কোনো কাণষাৰ দিয়া নাই বিয়াগোম লোক নিৰ্মাণ বিভাগে ৷ একেদৰে অঞ্চলটোৰ এক কিলোমিটাৰ পথচোৱা নিৰ্মাণ হ’বলগীয়া পথচোৱা নিৰ্মাণ কোনো গুৰুত্ব নাই ঠিকাদাৰৰ । ঠিকাদাৰ ধ্ৰুৱজ্যোতি কাকতি আৰু বিভাগীয় কতৃপক্ষৰ গোপন মিতিৰালি বাবে পথচোৱা নিৰ্মাণত হেমাহিৰ অভিযোগ তুলিছে একাংশ লোকে । শিলবালি পেলাই দায়িত্ব সামৰা ঠিকাদাৰ ধ্ৰুৱজ্যোতি কাকতি বিৰুদ্ধে ক্ষোভ ব্য়ক্ত কৰে স্থানীয় ৰাইজ সকলে । শীঘ্ৰে পথচোৱা নিৰ্মাণ নকৰিলে আন্দোলনৰ হুংকাৰ দিছে স্থানীয় ৰাইজ তথা আছু আৰু যুৱ ছাত্ৰ পৰিষদে। উল্লেখ্য় যে তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে উদ্বোধন কৰিছিল পথচোৱা ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
