আমি বেদখলকাৰীৰ পৰা এক লাখ পঞ্চলিশ হাজাৰ বিঘা মাটি মোকলাইছোঁঃ মুখ্যমন্ত্ৰী
গুৱাহাটী, ২৭ ডিচেম্বৰ(হি.স.)। পাঁচ হেজাৰ বছৰীয়া হিন্দু সনাতনী সভ্যতাৰ বিপৰীতে কংগ্ৰেছৰ দুৰ্বলতা আৰু তুষ্টিকৰণৰ ফলত আমাৰ ৰাজ্যত ১.৫০ কোটি জনসংখ্যাৰ আন এক অস্তিত্বক বিশ্বাস কৰা এক নতুন সভ্যতাৰ সৃষ্টি হ’ল ৷ এতিয়া সভ্যতাৰ যুঁজ ৷ এই যুঁজত ভাৰতীয় জনতা পাৰ্টি, অসমীয়া ৰাইজৰ আজি একমাত্ৰ সৈনিক ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ৷
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত অসম প্ৰদেশ মিডিয়া পেনেলিষ্ট দিলীপ কুমাৰ শৰ্মাই মহানগৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ দুদিনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ অন্তিম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ উদ্ধৃতি দি কয় যে, বিগত ৭৫ টা বছৰে অসমীয়াই বৰপেটা, ধুবুৰী, ধিং, দলগাঁৱৰ পৰা কেৱল আঁতৰি আহিল ৷ কিন্তু এতিয়া অসমীয়াই যুঁজিবলৈ ভয় নকৰে– আমাৰ চৰকাৰে এতিয়ালৈকে ১,৪৫,৩২৭.৭ বিঘা ভূমি বেদখলকাৰী-আগ্ৰাসনকাৰীৰ পৰা মোকলাইছে ৷
ৰাজ্যৰ উন্নয়নৰ জয়যাত্ৰাৰ প্ৰসংগ দোহাৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে, আমি কেতিয়াও ভাবিব পৰা নাছিলো যে কাজিৰঙাৰ ওপৰেৰে ৩২ কিঃমিঃ দৈৰ্ঘ্যৰ উৰণসেতু হ’ব, আমি কল্পনাও কৰিব পৰা নাছিলো যে গহপুৰ-নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণ হ’ব। শিলচৰ-গুৱাহাটীৰ মাজত ২২,০০০ কোটি টকা ব্যয়ৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ হ’ব ৷ কোনেও ভাবিব পৰা নাছিল যে কেতিয়াবা চাহ শ্ৰমিকে মাটিৰ পট্টা পাব, এয়া সম্ভৱ হ’বলৈ গৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা আশীৰ্বাদৰ কাৰণে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ৷
প্ৰদেশ বিজেপিৰ বিবৃতিটোত পুনৰ কোৱা হয় যে, কাৰ্যনিৰ্বাহক সভাৰ অন্তিম দিনা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰি কয় যে, আমাৰ প্ৰতি গৰাকী কাৰ্যকৰ্তাৰ কাৰণে ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তাৰ পাছতহে৷ আমি ৰাষ্ট্ৰ সেৱা কৰিবলৈ দল শক্তিশালী কৰিব লাগিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা অত্যাধিক মৰম-ভালপোৱাৰ কাৰণে অসম আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছে ৷
দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সাংগঠনিক দিশত গুৰুত্ব আৰোপ কৰি উপস্থিত সকলো কাৰ্যকৰ্তাক এখন সুৰক্ষিত, আত্মনিৰ্ভৰ আৰু বিকশিত অসম নিৰ্মাণৰ হকে হাতত হাত ধৰি একেলগে আগুৱাই যাবলৈ আহ্বান জনায় ৷ সভাপতি শইকীয়াই পুনৰ কয় যে, আমি ২০১৬ ৰ পূৰ্বৰ অসমৰ শোচনীয় পৰিবেশ আৰু বৰ্তমানৰ বিকশিত অসমৰ মাজত এক তুলনামূলক তথ্য প্ৰতিঘৰত লৈ যাব লাগিব বুলি দলৰ ৰাজ্যিক সভাপতি গৰাকী কাৰ্যকৰ্তাক আহ্বান জনাই বিবৃতিটোত উল্লেখ কৰে ৷
আজি দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীত অসম প্ৰদেশ বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিৱেদী, প্ৰদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰৱীন্দ্ৰ ৰাজু আৰু আগন্তুক বিধানসভাৰ দলৰ ৰাজ্যিক তত্বাবধায়ক বৈজন্ত জয় পাণ্ডাই বক্তব্য আগবঢ়ায় ৷ কাৰ্যনিৰ্বাহকত বিভিন্ন জিলাৰ পৰা অহা কেইবাগৰাকীও কাৰ্যকৰ্তাই আগন্তুক নিৰ্বাচনলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ৷
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
