
ধুবুৰী, ২৬ অক্টোবৰ (হি.স.): ধুবুৰীৰ যোগমায়া ঘাটত যোৱাকালি নিশা এটা চোৰক উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে । পংকজ ওৰফে তুকীয়া নামৰ দাগী চোৰ এটাক ৰাইজে হাতে লোতে ধৰি উত্তম মাধ্যম সোধায়।
অভিযোৰ মতে, ধুবুৰীৰ পৰা কেইবাটা মোবাইলৰ লগতে বহুতো বস্তু-সামগ্ৰী চুৰি কৰিছে চোৰটোৱে । গুৱাহাটীত কৰ্ম কৰি থকা ধুবুৰী লৰা এজনৰ পৰাও মোবাইল ফোন এটা চুৰি কৰিছিলে চোৰটোৱে । কালি নিশা ৰাইজে হাতে লোতে ধৰা পেলাইছে চোৰটোক । আৰু উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
