বিশ্বনাথ, ২১ অক্টোবৰ (হি.স.)। ৭ , ৮ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন। ৮ নৱেম্বৰত গহপুৰৰ ভোলাগুৰিত উপস্থিত হ’ব মন্ত্ৰী গৰাকী। প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ নিৰ্মাণস্থলী ভোলাগুৰিত নিৰ্মাণ হ’ব লগা শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব মন্ত্ৰী গৰাকীয়ে। প্ৰায় ৭৪০ বিঘা ভূমিত নিৰ্মাণ হ’ব লগা ৰাজ্যিক পৰ্যায়ৰ বিশ্ববিদ্যালয় খনৰ বাবে অসম চৰকাৰে প্ৰথম পৰ্যায়ত ব্যয় কৰিব ৩৫০ কোটি টকা।
আজি অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু মূখ্য সচিৱ গৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ এক উচ্চ পৰ্যায়ৰ বিষয়াৰ দল কাৰ্য্যসূচী স্থলীত উপস্থিত হৈ প্ৰস্তুতি সম্পৰ্কে বুজ লয়। বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠান উপলক্ষে অঞ্চলটোৰ কেইবা হাজাৰ ৰাইজ অনুষ্ঠান কাৰ্যসূচীত উপস্থিত থাকিব বুলি জিলা বিজেপিৰ এক সুত্ৰে জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
