নগাঁও, ২৪ নৱেম্বৰ (হি.স.): নগাওঁ জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত আমলখি গাঁৱৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰি অনুসৰি, আমলখি গাঁৱৰ গাড়ী চালক আব্দুল কালামৰ পত্নী তথা দুই সন্তানৰ মাতৃ পাৰবীন চুলতানা ওৰফে জুনু (২৫) য়ে যোৱা ২৭ অক্টোবৰত দুই সন্তানক লৈ মাতৃ গৃহ ডিব্ৰুগড়ৰৰ ঘোঁৰামাৰাৰ পুটাশালা লৈ যায় ।
দীৰ্ঘদিন ধৰি কোনো যোগাযোগ নথকাত মাতৃ গৃহত খবৰ লোৱাত মাতৃ গৃহত যোৱা নাই বুলি পৰিয়ালৰ লোকে জানিব দিয়ে। ইপিনে আব্দুল কালামৰ পৰিয়ালে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও জুনুৰ কোনো সন্ধান উলিয়াব পৰা নাই। পৰিয়ালৰ লোকে জুনু হেৰাই যোৱাৰ এক জাননী বটদ্ৰৱা থানাত দিয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে জুনুৰ সন্ধান পায় তেন্তে 8876881580 নাইবা 6001340217 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
