
মৰিগাঁও, ২৭ আগষ্ট (হি.স.): অৱশেষত মৰিগাঁও আৰক্ষীৰ জালত পৰিছে মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা দুই অপৰাধী জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰ। যোৱাকালি মঙলবাৰে আবেলি দুয়োকে কৰায়ত্ত কৰা হয়।
জিলা কাৰাগাৰৰ নিৰাপত্তাৰক্ষীক বুঢ়া আঙুলী দেখুৱাই ১৯ আগষ্ট কাৰাগাৰৰ বেহু ফালি দ্বিতীয়বাৰলৈ পলাইছিল দুই কয়দী। কৰ্নাটকৰ পৰা মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই দুই অপৰাধীক। পস্কো (POSCO) গোচৰত দোষী সাব্য়স্ত হৈ ২০ বছৰ কাৰাবাস খাতিব লগীয়া আছিল দুই অপৰাধী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
