
তিনিচুকীয়া, ০৩ নৱেম্বৰ (হি স)। দৌৰবিদ দিপন চাওৰাই একেৰাহে ২০০ কিলোমিটাৰ বাট দৌৰি সুস্থ-সৱল সমাজ গঢ়া তথা উক্ত একতা আৰু সততাৰৰ বাৰ্তা দিয়াৰ প্ৰয়াস কৰিছে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত দৌৰবিদ তথা প্ৰাক্তন সাংগঠনিক সম্পাদক আটছা কেন্দ্ৰীয় সমিতিৰ দিপন চাওৰাই চেলেংহাটৰ পৰা তিনিচুকীয়াৰ ডুমডুমালৈ প্ৰায় ২০০ কিলোমিটাৰ বাট একতা আৰু সততাৰ বাৰ্তা লগতে এখন সুস্থ-সৱল সমাজ গঢ়াৰ বাৰ্তা দিয়াৰ প্ৰয়াসেৰে একেৰাহে দৌৰে।
উল্লেখ্য় যে বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত দৌৰবিদ দিপন চাওৰাই চেলেংহাটৰ পৰা আৰম্ভ কৰিছিল এই দৌৰ। দৌৰবিদগৰাকীয়ে নিশা দুই বজাত নাহৰকটীয়া নগৰৰ মাজেৰে পাৰ হৈ যায় ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
