কামৰূপ, ২৭ জুন (হি.স.): ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এক পথ দুৰ্ঘটনা। ৰঙিয়াৰ মৰাণজানাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডাইভাৰ্টত প্ৰচণ্ড খুন্দা মাৰে চাৰিচকীয়া বাহন এখনে । প্ৰচণ্ড খুন্দা মাৰি মাজ পথতে উলটি যায় চাৰিচকীয়া বাহন খন।
ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল হুণ্ডাই আই টেন বাহন খন। দুৰ্ঘটনাত পতিত হোৱা চাৰিচকীয়া বাহন খনৰ পঞ্জীয়ন নম্বৰ এএছ ০১ এ কে ৯৩৫৭ বুলি জনা গৈছে। দুৰ্ঘটনাটোত আহত নিবাৰণ চন্দ্ৰ নাথ নামৰ লোক জনক সংকটজনক অৱস্থাত ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। দুৰ্ঘটনাত পতিত হোৱা লোক জন বাইহাটা চাৰিআলিৰ নিবাসী বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
