নগাঁও, ০২ নৱেম্বৰ (হি.স.)। নগাঁও বন বিভাগৰ অনিয়মৰ বিৰুদ্ধে চলিছে অভিযান। নগাঁৱৰ ডুমডুমীয়াত আজি জিলা বন বিভাগে এক অভিযান চলায়। ছীল কৰিলে ৫ খন অবৈধ কাঠৰ দোকান। আনহাতে ৰহস্যজনক ভাৱে কাষতে থকা ৭ খনকৈ দোকানত অভিযান নচলালে বন বিভাগে।
অবৈধ কাঠ দোকানৰ বিৰূদ্ধে চলাই এই অভিযান। নগাঁৱৰ ডুমডুমীয়াৰ বিভিন্ন গাঁৱত কাঠফুলাৰ দৰে অবৈধ ভাবে গঢ়ি উঠিছে কাঠৰ দোকান। বন বিভাগৰ নগাঁওৰ পৰা অহা এটি দলে ডুমডুমীয়াৰ বিভিন্ন অঞ্চলত অভিযান চলায়। অভিযানত বালিসত্ৰ বজাৰৰ পাচখনকৈ অবৈধ কাঠ দোকান জব্দ কৰে বন বিভাগে। ইফালে অৱৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা সাতখনকৈ দোকানৰ বিৰুদ্ধে নগাঁও জিলা বন বিভাগে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
