
জন্মদিনত উপহাৰ দিবলৈ তাঁতশালত বৈছে এখন ফুলাম গামোচা
শিৱসাগৰ, ১৮ নৱেম্বৰ (হি.স.): আজি অসমীয়াৰ হিয়াৰ আমঠু,হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন৷ ৰাজ্যবাসীয়ে উদযাপন কৰিছে অসমীয়াৰ হিয়াৰ আমঠু,হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি শিৱসাগৰ খেলুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত গড়গাওঁ মণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত নাজিৰাৰ শিমলুগুৰিৰ ভোগবাৰী মধ্য ইংৰাজী বিদ্যালয়ত উদযাপন কৰা হৈছে অসমীয়াৰ হিয়াৰ আমঠু,হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ বিহীন প্ৰথম জন্মদিন৷ তেওঁৰ প্ৰতিচ্ছবিত উপহাৰ দিবলৈ তাঁতশালত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলে বৈ উলিয়াইছে গামোচা৷
জুবিন গাৰ্গে ভালপোৱা নাহৰ গছৰ পুলি ৰোপণ কৰা হৈছে বিদ্যালয়খনত ৷ জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্ম দিনত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলে পৰিৱেশন কৰিছে জুবিন গাৰ্গৰ মায়াবিনী ৰাতি, বাটৰে শেষতে শীৰ্ষক গীতটি ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
