
বৰপেটা, ০৯ নৱেম্বৰ (হি স)৷ উপহাৰ কূপনৰ জৰিয়তে ৫০ লাখ টকীয়া বিলাসী মাৰ্চিডিজ বেঞ্জৰ গৰাকী হৈ পৰিছে বৰপেটাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰী ৷ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত বৰপেটাৰ দিশা দাস নামৰ ১৭ বছৰীয়া কিশোৰীগৰাকী এখন বিলাসী বাহনৰ গৰাকী হৈ পৰিছে।
উল্লেখ্য় যে বৰপেটা চহৰৰ ২ নং গলিয়া হাটী নিবাসী পৰমানন্দ দাসৰ একমাত্ৰ কন্যা দিশা দাসে উপহাৰ কুপনৰ জৰিয়তে লাভ কৰিলে এখন ৫০ লাখ টকীয়া মাৰ্চিডিজ বেঞ্জ বাহন ৷ ১০০ টকীয়া উপহাৰ কুপন খেলত বিজয়ী ঘোষিত হৈ দিশাই লাভ কৰিলে আভিজাত্যৰ প্ৰতীক মাৰ্চিডিজ বেঞ্জ ৷
উল্লেখ্য যে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ৩য় ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ সাহায্যাৰ্থে এখনি ১০০ টকীয়া উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছিল ৷ মুঠ ১১ টা উপহাৰ বিশিষ্ট উপহাৰ কুপন খেলখনৰ প্ৰথম উপহাৰ আছিল এখন মাৰ্চিডিজ বেঞ্জ বাহন ৷ অন্যান্যসকলৰ দৰে কাউণ্টাৰৰ পৰা দিশা দাসেও সংগ্ৰহ কৰিছিল উপহাৰ কুপন ৷
নিজৰ সাঁচতীয়া ধনেৰে দিশাই কাউণ্টাৰৰ পৰা ক্ৰয় কৰিছিল দুটাকৈ কুপন ৷ দুটা কুপনৰ ভিতৰত এটা কুপনৰ জৰিয়তে প্ৰথম উপহাৰ মাৰ্চিডিজ বেঞ্জ বাহন লাভ কৰিবলৈ সক্ষম হয় দিশাই ৷ উপহাৰ কুপন জৰিয়তে এনেদৰে নিশাটোৰ ভিতৰতে ভাগ্যৱতী হৈ পৰে দিশা দাস নামৰ কিশোৰীগৰাকী ৷ প্ৰথম উপহাৰ মাৰ্চিডিজ বেঞ্জ লাভ কৰাৰ খবৰ পোৱা মাত্ৰকে উৎফুল্লিত হৈ পৰে নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান দিশাসহ তেওঁৰ পিতৃ-মাতৃ ৷
ভাগ্য নিৰ্ণয় অনুষ্ঠানৰ ফেচবুক লাইভ চাই শুভ সংবাদটো লাভ কৰে দিশাই ৷ লগে লগে আনন্দত আত্মহাৰা হৈ পৰে দিশা ৷ যেতিয়া এটা এটাকৈ সম্পূৰ্ণ ছয়টা সংখ্যা নিজৰ হাতত থকা এটি কুপনৰ সৈতে সম্পূৰ্ণ মিলি গৈছিল তেতিয়া আৱেগত কান্দি দিছিল সৰু ছোৱালীজনীয়ে ৷ বৰপেটা গ্ৰন্থমেলা সমিতিৰ তৰফৰ পৰা অন্যান্য উপহাৰ বিজেতাসকলৰ লগতে দিশা দাসক প্ৰথম উপহাৰ মাৰ্চিডিজ বেঞ্জখন প্ৰদান কৰা হয় ৷ বৰপেটা গ্ৰন্থমেলা সমিতিৰ হৈ দিশা দাসক বিলাসী উপহাৰটি প্ৰদান কৰে বৰপেটা গ্ৰন্থমেলা সমিতিৰ অন্যতম সাধাৰণ সম্পাদক দেৱাদীব দাসে৷
আঢ্যৱন্ত লোকৰ বাহিৰে অন্যান্যসকলৰ বাবে কেৱল অলীক কল্পনা মাথোন এখন মাৰ্চিডিজ বেঞ্জ বাহন উপহাৰ হিচাপে লাভ কৰিবলৈ পাই অত্যন্ত সুখী হৈ পৰে দিশাসহ তেওঁৰ পিতৃ-মাতৃ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
