শিৱসাগৰ, ০৫ নৱেম্বৰ (হি.স.)। শিৱসাগৰতো জিলা প্ৰশাসনৰ উদ্যোগত ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়।
মানুহে মানুহৰ বাবেগীতে মুখৰিত হয় শিৱসাগৰৰ আকাশ বতাহ। ছাত্ৰ-ছাত্ৰী তথা শিৱসাগৰৰ সমাজ জীৱনৰ লগত সংপৃক্ত বহুলোকে একেলগে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীতটি। শিৱসাগৰ বৰ্ডিং খেলপথাৰত উদযাপন সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী। এই উপলক্ষ্যে ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ , বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই ৫ সহস্ৰাধিক লোকে একেলগে পৰিৱেশন কৰে শিল্পী গৰাকীৰ মানুহে মানুহৰ বাবে গীতটো। ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ , বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে। ডিমৌ বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই,কেবিনেট মন্ত্ৰী যোগেন মহনে ৰাইজৰ লগত একেলগে মানুহৰ মানুহৰ বাবে গীত পৰিবেশন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
