কামৰূপ, ২৭ নৱেম্বৰ (হি.স.)। বহিঃৰাজ্যত ৰে’ল ষ্টেচনৰ পৰা সন্ধানহীন অসমৰ যুৱক। কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা অসমীয়া যুৱক সন্ধানহীন হোৱাৰ বাতৰি সঘনাই প্ৰচাৰ হৈ আহিছে। পুনৰ বহিঃৰাজ্যত নিখোজ কামৰূপৰ গন্ধমৌ ফাটনাৰ এজন অসমীয়া যুৱক। কামৰূপৰ শুৱালকুছি আৰক্ষী থানৰ অন্তৰ্গত গন্ধমৌ ফাটনাৰ ৰবিৰাম বড়ো নামৰ যুৱক জনে একেখন গাওঁৰে দুই বন্ধুৰ সৈতে বহিঃৰাজ্য মহাৰাষ্ট্ৰত কাম কৰিবলৈ গৈ সন্ধানহীন হোৱাৰ ঘটনাই পৰিয়ালৰ মাজত হাহাঁকাৰ লাগিছে।
২২ নৱেম্বৰত চুবুৰীয়া ৰজনী দাস আৰু আন এগৰাকী বন্ধু পৰেশ থাপাৰ সৈতে কামাখ্যা ৰে’ল ষ্টেচনৰ পৰা মুম্বাইলৈ ৰেল যোগে কৰ্মসংস্থাপন বিচাৰি ওলাই গৈছিল ৰবিৰাম বড়ো।
কিন্তু ৰেলেৰে গৈ থকা অৱস্থাত মহাৰাষ্ট্ৰৰ ভুষাল নামৰ এটা ষ্টেচনত ৰহস্যজনক ভাৱে সন্ধানহীন হৈ পৰে ৰবিৰাম বড়ো। ৰবিৰাম বড়ো ৰেল ষ্টেচনৰ পৰাই সন্ধানহীন হোৱা বুলি ২৫ নৱেম্বৰত ৰজনী দাসে ফোনযোগে পৰিয়ালৰ লোকক অৱগত কৰাত বৃদ্ধ মাতৃ , পত্নী তথা পৰিয়ালৰ লোক সকল চিন্তিত হৈ পৰিছে। পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এখন নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
