–কাটি তহিলং কৰিছে কণ কণ শাল পুলি
শোণিতপুৰ, ১৬ অক্টোবৰ (হি.স.)। সম্প্ৰতি অস্তিত্বৰ সংকটত পৰিছে শোণিতপুৰৰ বালিপৰা সংৰক্ষিত বনাঞ্চল। উল্লেখ্য যে এই বনাঞ্চলৰ খনৰ থকা শালগছসমূক এতিয়া এচাম দুষ্টচক্ৰই কাটি তহিলং কৰিছে। অপৈনত গছসূমহ কাটি দুষ্কৃতিকাৰীয়ে কাটি লৈ যোৱাৰ লগতে বনাঞ্চলখনৰ ভিতৰত কাটি পেলাই থৈ যোৱাও দেখিবলৈ পোৱা গৈছে।
এইক্ষেত্ৰত কিন্ত বনবিভাগে দুই এজন অবৈধ কাঠ ব্যৱসায়ীক আটক কৰিছে যদিও কিন্তু সফল হ’ব পৰা নাই । তেনক্ষেত্ৰত বনবিভাগৰ স্থিতি সন্দেহজনক আখ্যা দিছে এতিয়া প্ৰকৃতিপ্ৰেমিসকলে। দিনে নিশাই বনাঞ্চলখনত বন কৰ্মীসকল গিজগিজাই থকাৰ পাছতো এনেদৰে কণকণ শালপুলি কাটি শেষ কৰা বিষয়টো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। অতি সোনকালে দুস্কৃতিকাৰী সমুহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বনবিভাগক দাবী জনাইছে দল সংগঠনে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/অৰৱিন্দ/মনোজ
