কোকৰাঝাৰ, ১৭ নৱেম্বৰ (হি.স.): বিটিচিত বিপিএফ দলৰ নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছতেই দলটোৰ এটা অংশৰ পালি নেতাই ক্ষমতাৰ দম্ভ দেখুৱাই চৰকাৰী গাঁওবুঢ়াক আকস্মিক ভাবে বাতিল কৰাৰ চেষ্টা আৰম্ভ কৰিছে বুলি অভিযোগ উঠিছে। এই ঘটনাই বিশেষকৈ গোসাইগাঁৱৰ দুই নং জয়মা গাঁৱৰ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে।
সূত্র অনুসৰি, যোৱা ২০০৩ চনৰ পৰা দুই নং জয়মা গাঁৱৰ চৰকাৰী গাঁওবুঢ়াৰ দায়িত্ব পালন কৰি অহা জামিৰ উদ্দিন শেখে গাঁৱৰ সকলো সমস্যাত আন্তৰিক ভাবে সেৱা আগবঢ়াই আহিছিল। কিন্তু ১৩ নবেম্বৰ তাৰিখে ১ নং জয়মা গাঁৱৰ বিপিএফ দলৰ দুইজন পালি নেতা, কাচিম উদ্দীন আৰু আবেদ আলীৰ নেতৃত্বত জামিৰ উদ্দিন শেখৰ বিৰুদ্ধে পূব গোসাইগাঁও আঞ্চলিক গাঁওবুঢ়া সন্থাৰ কাৰ্য্যকৰ্তাৰ ওচৰত এটা লিখিত অভিযোগ দাখিল কৰা হয়। সেই অভিযোগৰ ভিত্তিত জামিৰ উদ্দিন শেখক গাঁওবুঢ়াৰ পদৰ পৰা বাতিল কৰাৰ তথ্য প্ৰকাশ পাইছে।
ইয়াৰ বিপৰীতে দুই নং জয়মা গাঁৱৰ ৰাইজে এই সিদ্ধান্ত একেবাৰে গ্ৰহণযোগ্য নহয় বুলি স্পষ্টভাৱে জনাইছে। ৰাইজৰ মতে, কোনো সত্য-মিথ্যা পৰীক্ষা নকৰাকৈ, কেৱল কিছু পালি নেতাৰ চাপত নিয়া সিদ্ধান্ত অযৌক্তিক আৰু স্বেচ্ছাচাৰী। ইয়াৰে মাজতে পূব গোসাইগাঁও গাঁওবুঢ়া সন্থাৰ এই সিদ্ধান্তক লৈও বিভিন্ন মিশ্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ৰাইজে বিষয়টোৰ ন্যায়সঙ্গত পৰ্যালোচনাৰ দাবী জনাইছে আৰু জামিৰ উদ্দিন শেখক পুনৰ গাঁওবুঢ়াৰ পদত বহাল ৰখাৰ অনুৰোধ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
