মানকাচৰ, ০৫ নৱেম্বৰ (হি.স.)।হাটশিঙিমাৰীত কেন্দ্ৰীয় ভাবে উদযাপন কৰে ভাৰত ৰত্ন ড° ভুপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী
দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় ভাবে ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভুপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।
আজিৰ কাৰ্যসূচী মতে পূৱা ১১ বজাত সমুহীয়া কৈ মানৱ শৃংখলেৰে জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা ড° ভুপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীত পৰিবেশন কৰা হয় ,পৰবৰ্তী কাৰ্যসূচী মতে ড° ভুপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সমুহীয়াকৈ ১৭ মিনিটৰ কোৰাছ গায়।
শেষত অনুষ্ঠিত হোৱা সভাত ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জীৱনৰ সাংস্কৃতিককে বিভিন্ন কৰ্মৰাজীৰ ওপৰত ভাষণ প্ৰদান কৰে জিলাৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই। সভাত ৰাহুল কুমাৰ গুপ্তাৰ ওপৰিও জেষ্ঠ্য আৰক্ষী অধীক্ষক সিংহা ৰাম মিলি, মানকাচৰৰ প্ৰাক্তন বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডল, জাভেদ ইছলাম, সমাজসেৱক তথা ভূপেন হাজৰিকাৰ সান্নিধ্য পোৱা উপেন্দ্ৰহাৰী কোচ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
